অবিনশ্বৰ কবিতা


কবিতা নমৰে
মৰহি যায় আপদীয়া মন ,
লগত দেহাৰ পৰা সৰি সৰি পৰে
শোতোৰা ফুলৰ দৰে যৌৱন ,
কবিতাৰ জনম পদুম পুখুৰীত ;
লহপহীয়া কবিতা দিনে দিনে বাঢ়ে আকাশলে
পাহি মেলি ধৰে সুৰলোকৰ দেৱতাক ধিয়াই ,
বিজতৰীয়া বতৰত কবিতাৰ সুৰভি আৰু অকণ বাঢ়িহে যায় !
কালে কালে চৰে কবিতাৰ ৰহন অসীমতালৈ মুৰ দুপিয়াই কবিতা নেহেৰায়
পাহৰণীৰ দুস্তৰ মৰুৰ মাজত
সৰস্বতীৰ দৰে বাট বিচাৰি পায়
সুধাধাৰাৰে সিঁচি মৰুমায়া ৰচি যায়
কবিতা নেহাৰে
হতমান হলে আশা
বুকুত আশাৰ ফুল ফুলায় কবিতা  অজৰঅমৰ
অবিনশ্বৰ কবিতা সদায় বিজয়ী
পৰাজয়ত বাট ফিৰাই পায় |

Comments

Popular Posts