বর্ণৰ পৰা কবিতালৈ
বর্ণৰ পৰা কবিতালৈ লক্ষ্য জ্যোতি কাকতি হাতৰ কাপত মোৰ নিথৰ কিছু বর্ণ মহতিয়াই থাকে অগ্নিগর্ভ সাগৰক কানচেং অই তই নাহিলে কোনে দিব সিহঁতক এষাৰি মাত মিঠা মিঠা লগা ওঁঠেৰে তয়ে আলফুলে আলপৈচান ধৰ জগাই তুল' নির্জীৱক তয়েচোন পিঁয়াহ গুচাই ৰচ' শাব্দিক অভিনন্দন সৌৱা চা' পিতনীৰ মাজেৰে কানেৰে বগাই ফুৰে বাট বিচাৰি সদ্যপোণা কাৱৈজাকে অভীপ্সাক আকোৱালিবলৈ তোৰ নিমজ দেহাতে তোৰ শুৱনী ডিঙিত আঁৰি দিব মন যায় একোটি বর্ণমালা আটিল বুকুত টানি বান্ধিব খোজোঁ ৰ'দকাচলিত গুঠা সান্ধ্যভাষাৰ চেলেংখনি খামুচীয়া কঁকালত কম্পমান আঙুলিৰে পিন্ধাম কবিতাৰ তোলনি পোচাকজোৰ গাভৰু পুৱাতে তোৰেই লিহিৰী হাতেৰে ফুলাবি তই পদুম কলিৰ দৰে উজাৰ কৰি লবি মোৰ কাপক তোকেই সজাবলে